মানুহৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়া টোত চাৰিটা বস্তুৰ প্ৰভাৱ দেখা যায়: যুক্তি, স্মৃতি, তুলনা আৰু আবেগ। কম্পিউটাৰ এটাই ইয়াৰে প্ৰথম তিনিটাৰ দ্বাৰা সিদ্ধান্ত লয়, তাৰ আবেগ নাই। আৰু ইতৰ প্ৰাণী এটাই ইয়াৰে পিছৰ তিনিটাৰ দ্বাৰা সিদ্ধান্ত লয়, যুক্তি সিহঁতৰ নাই। মানুহ হৈছে এই দুয়োটাৰে ঠিক মাজৰ অৱস্থা। যুক্তি আৰু আৱেগৰ মাজত বেলেঞ্চ থকাটো এজন আদৰ্শ মানুহৰ থাকিবলগীয়া বৈশিষ্ট।
কিন্তু imperfection ও মানুহৰ আন এক বৈশিষ্ট। কোনো মানুহ perfect নহয়। গতিকে বেছিভাগ মানুহৰ ক্ষেত্ৰতে যুক্তি আৰু আৱেগৰ মাজত কিছু অসন্তুলন থকা দেখা যায়। কোনোবা হয়তো যুক্তিৰ প্ৰতি বেছি আগ্ৰহী, কোনোবা হয়তো আৱেগৰ দ্বাৰা অধিক প্ৰভাৱিত। আৰু অসন্তুলিত অৱস্থাৰ পৰা সন্তুলিত হবলৈ চেষ্টা কৰাটো মানুহৰ কৰ্তব্য।
Survival of the fittest: ইয়াত fittest মানে কেৱল শাৰীৰিক সক্ষমতাৰ কথাকে কোৱা নাই, মানসিক সক্ষমতাৰ কথাও কৈছে
আৰু মন বস্তুটো এনেকুৱা যে ই কেৱল সামৰ্থ্য আৰু অসমৰ্থতা হে বুজি পাই, ভাল বেয়া বা উচিত অনুচিতৰ পাৰ্থক্য বুজি নাপায়। তাৰ বাবে বিবেক লাগে। মনে কেৱল আৱেগৰ ভিত্তিত সিদ্ধান্ত লয়। বিবেকত থাকে যুক্তি।
আৰু সকলোৰে বিবেক সমানে শক্তিশালী নহয়। সকলোৱে সমান যুক্তিৰে সিদ্ধান্ত লব নোৱাৰে। কিন্তু আৱেগৰ ক্ষেত্ৰত সকলোৰে তীব্ৰতা প্ৰায় সমান।
কেতিয়াবা মানুহে বিবেক বাদ দি কেৱল মনেৰে সিদ্ধান্ত লয়। মনটোৱে কেৱল কাম এটা কৰিব পাৰিছেনে নাই, কৰি কেনেকুৱা লাগিছে এইখিনি হে ভাবে, কৰিব লাগে নে নাই সেয়া নাভাবে।
তেনেকুৱা মানুহেই আৱেগৰ বশৱৰ্তী হৈ নানান নকৰিব লগীয়া কামো কৰি সন্তুষ্টি লভিব পাৰে। আৰু বাকী মানুহ বোৰে, আমি বোৰে, যি সেই সময়ত সেই একেটা আবেগ বশৱৰ্তী হৈ থকা নাই, সেইবোৰ মানুহে পাছত নিউজ চাই চাই ভাবি থাকো যে মানুহবোৰে এনেকুৱা কাম কেনেকৈ কৰিব পাৰে, কেনেকৈ মানুহ ইমান তললৈ যাব পাৰে।
আচলতে মানুহবোৰ জানি বুজি তললৈ যোৱা নাই। ওপৰ তলৰ হিচাপ কৰা, তুলনা কৰা স্কেল পাত হে তেওঁলোকে হেৰুৱাই পেলাইছে। তেওঁলোকে গমেই পোৱা নাই যে তেওঁলোক তললৈ গৈ আছে।
সু-প্ৰভাত 🌞
Login to reply